জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া CBI য়ে তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ নগাঁও আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উন্মোচিত কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে অসম আৰক্ষীৰ চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ তদন্তৰ সময়ত সামৰি নোলোৱা বহু বিষয় CBIয়ে সামৰি লৈছে ৷ CBI দলে জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বৰ কেইবামাহৰ কৰ্মসূচী আৰু ভ্ৰমণ সমূহৰ বিতং তথ্য আহৰণ কৰিছে। ইয়াৰ মাজতে নকল টকা সৰবৰাহকাৰী নগাঁৱত গ্ৰেপ্তাৰ কৰাৰ পাছত চামগুৰিৰ পৰা উদ্ধাৰ কৰা নকল টকাৰ উৎস সম্বন্ধেও তথ্য আহৰণ কৰিছে।
উক্ত জব্দকৃত নকল টকাৰ লগত জড়িত থকা লক্ষীমপুৰ জিলাৰ নাওবৈচাৰ যোগাযোগৰ তথ্যৰ লগত নগাঁও আৰক্ষীৰ ভাষ্য, হাচিনা বেগমৰ ভাষ্য, লক্ষীমপুৰ আৰক্ষীৰ ভাষ্য আদিৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ পুংখানুপুংখ বিশ্লেষণ চলাইছে CBIৰ ডি আই জি লাভলী কাটাৰীয়াই।
নাওবৈচাত নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে জোনমণি ৰাভাই ব্যৱহাৰ কৰা ব্যক্তিগত ব’লেৰ গাড়ীখন কাৰ নিৰ্দেশত লৈ গৈছিল- এতিয়া সেই তথ্যৰ সন্ধানত CBI। জানিব পৰা মতে CBI দলে নগাঁও আৰক্ষীৰ এম টি অ’ক জেৰা চলাইছে ৷ উক্ত বলে’ৰ গাড়ীখনৰ স্বত্বাধিকাৰী হ’ল বিতৰ্কিত নকল সোণ,নকল টকাৰ সৰবৰাহকাৰী ৰিয়াজুল ইছলাম।