CBI য়ে বিজেপি নেত্ৰী সোণালী ফোগাটৰ ৰহস্যজনক মৃত্যুক লৈ এটা গোচৰ ৰুজু কৰিছে আৰু CBIৰ দলটো শনিবাৰে গোৱালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে ধাৰা ৩০২ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে।
উল্লেখ্য যে, যোৱা ২৩ আগষ্টত গোৱাত সোণালী ফোগাটৰ মৃত্যু হৈছিল। তেওঁক উত্তৰ গোৱাৰ ছেইণ্ট এন্থনী চিকিৎসালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰিছিল। সোণালী ফোগাটৰ ব্যক্তিগত সহায়ক সুধীৰ চাংৱান, সুখবিন্দৰ সিং, ৰেষ্টুৰেণ্টৰ মালিক এডউইন নুনেছ, অভিযুক্ত ড্ৰাগছ চোৰাং ব্যৱসায়ী দত্ত প্ৰসাদ গাওঁকাৰ আৰু ৰামদাস মন্দ্ৰেকাৰক আৰক্ষীয়ে এই ঘটনাটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।