দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত CBIৰ দলে অভিযান চলাইছে আৰু টুইটাৰৰ জড়িয়তে মনীষ চিছোদিয়াই নিজেই এই কথা প্ৰকাশ কৰিছে। দিল্লী চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডত অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে তেওঁলোকক বাধা দিবলৈকে এই দৰে CBI ৰ দ্বাৰা হাৰাশাস্তি কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্যে যে, দিল্লীৰ মুঠ ২১ টা স্থানত চলিছে CBI অভিযান। আবকাৰী বিভাগৰ দুৰ্নীতি, কেলেংকাৰীৰ সন্দৰ্ভত বহু কেইজন শীৰ্ষ বিষয়া আৰু ব্যৱসায়ীৰ ঘৰতো চলিছে CBIৰ এই অভিযান। মনীষ চিছোদিয়াই CBIৰ দলক সম্পূৰ্ণ সহযোগিতা কৰাৰ লগতে তেওঁলোকক আদৰণি জনাইছে বুলি মন্তব্য কৰিছে।
ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে CBI ৰ এই অভিযানক গৰিহণা দি কয় যে, যি দিনাই বিদেশী বাতৰি কাকতত দিল্লীৰ শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰা হৈছে, সেইদিনাই এই CBIয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান চলাই আছে।
सीबीआई आई है. उनका स्वागत है. हम कट्टर ईमानदार हैं . लाखों बच्चों का भविष्य बना रहे हैं.
बहुत ही दुर्भाग्यपूर्ण है कि हमारे देश में जो अच्छा काम करता है उसे इसी तरह परेशान किया जाता है. इसीलिए हमारा देश अभी तक नम्बर-1 नहीं बन पाया.
— Manish Sisodia (@msisodia) August 19, 2022
আনহাতে CBIক আদৰণি জনাই মনীষ চিছোদিয়াই টুইটাৰত লিখিছে যে যিজনে দেশত ভাল কাম কৰে তেওঁক হাৰাশাস্তি কৰা হয়। সেয়েহে আমাৰ দেশ এতিয়াও এক নম্বৰ হোৱা নাই। তেওঁ আন এটা টুইটত উল্লেখ কৰিছে যে, আমি CBIক স্বাগতম জনাইছো। আমি তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিম যাতে সত্য সোনকালে ওলাই আহিব পাৰে। এতিয়ালৈকে, মোৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু কৰা হৈছে কিন্তু একো ওলাই অহা নাই। ইয়াৰ পৰাও একো ওলাই নাযাব। দেশত ভাল শিক্ষাৰ বাবে মোৰ কাম বন্ধ কৰিব নোৱাৰিব।