চিবিআইয়ে RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে এটা নতুন গোচৰ ৰুজু কৰিছে আৰু আজিৰে পৰা তেওঁৰ বাসভৱনকে ধৰি বিহাৰৰ আন ১৫টা স্থানত আৰম্ভ কৰিছে তালাচী অভিযান৷ এই নতুন গোচৰটো লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিযুক্তিৰ দুৰ্নীতিৰ সৈতে সম্পৰ্কিত বুলি তদন্তকাৰী বিষয়াসকলে সদৰী কৰিছে৷ লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ জীয়ৰী উভয়ৰে বিৰুদ্ধে তেওঁলোকৰ কাৰ্যকালত নিযুক্তিত সংঘটিত অনিয়মৰ অভিযোগত CBIএ এটা নতুন গোচৰ ৰুজু কৰিছে।
উল্লেখযোগ্য যে, লালু প্ৰসাদ যাদৱে এপ্ৰিলত আদালতৰ পৰা জামিন লাভ কৰিছিল। পশুখাদ্য কেলেংকাৰীৰ গোচৰত এপ্ৰিলৰ ২২ তাৰিখে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱক জামিন প্ৰদান কৰিছিল৷