অৱশেষত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে চি বি আইয়ে। ১৫ মে’ৰ পুৱতি নিশা জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা জোনমণি ৰাভাৰ এই পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল বহু ৰহস্য। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল বহুজনে। সমগ্ৰ অসমে দাবী কৰিছিল চি বি আইৰ তদন্ত। অৱশেষত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা মাহৰ পাছত চি বি আইৰ তদন্তকাৰী দল আহি গুৱাহাটীত উপস্থিত হ’লহি।
চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত এটা দল আহি বুধবাৰে গুৱাহাটীত উপস্থিত হৈছেহি। এই দলটোৱে জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত কৰিব। ইফালে চি বি আইলৈ এই তদন্তৰ প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি চি বি আইয়ে জোনমণি ৰাভা কাণ্ড প্ৰসংগত ভিন্ন থানাত ৰুজু হোৱা ৪টা গোচৰৰ তদন্ত কৰিব।