হাহাকাৰ লাগিছে মা কামাখ্যাৰ দৰ্শনাৰ্থী তথা ভক্তৰ মাজত। এইবাৰ ভক্তৰ বেশত আহিছে কেইবাজনো চোৰ, ডকাইত! ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত। আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি হোৱাৰ লগতে চুৰি হৈছে মানীবেগ, টকাও।
তথ্য অনুসৰি মহিলাৰ দল এটাই এই চুৰিকাণ্ড সংঘটিত কৰি থকাৰ সন্দেহ কৰা হৈছে আৰু এই আটাইকেইগৰাকী মহিলা বহিঃৰাজ্যৰ! জানিব পৰা মতে, এখন সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন। অম্বুবাচী মেলাত প্ৰায়ে চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধানত ৫গৰাকী মহিলাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।
ইয়াৰ লগতে ভিক্ষাৰীৰ বেশত বহি থকা এজন পুৰুষৰ লগতো উদ্ধাৰ হৈছে কাটাৰ। এতিয়ালৈ ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে।