হোজাইৰ মোৰাঝাৰত নাহিদ আফ্ৰিনৰ অনুষ্ঠানত বিশৃংখল পৰিস্থিতি৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়।
উল্লেখ্য যে, দহ দিনীয়া কাৰ্যসূচীৰে মোৰাঝাৰ চিতলমাৰীত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৱানিশা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিবলৈ নাহিদ আফ্ৰিনক আয়োজক সকলে আমন্ত্ৰণ জনাইছিল৷ শুভাৰম্ভ কৰি নাহিদে গীত পৰিৱেশন কৰাৰ সময়তে একাংশ লোকে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।
আয়োজন সমিতিৰ ভুলৰ বাবেই এই অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হৈছিল বুলি অভিযোগ উত্থাপন হৈছে৷ নাহিদে অনুষ্ঠান আধাতে সামৰি আঁতৰি যাবলৈ বাধ্য হোৱাক লৈ একাংশ দৰ্শকৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি হয়৷