দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ চিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে ৰিনিকি ভূঞা শৰ্মাই। PPE কিট কেলেংকাৰীক লৈ মনিষ চিছদিয়াই দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সংবাদ মেলতে ৰিণিকি ভূঞাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
উল্লেখ্য যে, ৪ জুনত দিল্লীত আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছদিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এন এইছ এমৰ ঠিকাৰ দ্বাৰা PPE কীট যোগান ধৰা বুলি সংবাদ মেলখনত কৈছিল। PPE কীট সন্দৰ্ভত দিয়া উক্ত সংবাদ মেলখনত চৰকাৰী ঠিকাৰ সৈতে অনাহকতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰি লৈছিল বুলি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।
অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত ৰিণিকি ভূঞা শৰ্মাৰ হৈ গোচৰ তৰে। অধিবক্তাৰ মতে, জে চি বি ইণ্ডাষ্টিৰ ১৪৮৫টা PPE কীট CSRৰ মতে দান কৰিছে অসম চৰকাৰক। জে চি বি ইণ্ডাষ্টিয়ে কোনো বিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক দাখিল কৰা নাই।