মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লোৱাৰ পিছত দিগন্ত বৰাই প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি কয় যে, মহানগৰত অপৰাধৰ সংখ্যা আগতকৈ বেছি হৈছে। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, যোৱা সপ্তাহটোত ৫টা মান চেইন চুৰি কাণ্ড হৈছে গুৱাহাটীত। চোৰকো কৰায়ত্ত কৰিছোঁ। এনে ঘটনা ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি বিশ্বাসী। গাড়ী চুৰি কাণ্ডও হৈছে আৰু বহুক্ষেত্ৰত আমি গাড়ী উদ্ধাৰ কৰিবলৈও সক্ষম হৈছো। ১৭ খনমান গাড়ী চোৰে নিছিল আৰু তাৰে ৭খন মান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।
আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে মহানগৰবাসীৰ সৈতে গুৱাহাটী আৰক্ষী সদায়ে লগত আছে আৰু থাকিব। এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হ’ব। তেওঁ লগতে এনে দুই এটা ঘটনাত পিষ্টল দেখুওৱা ঘটনাক লৈ কয় যে অবৈধভাৱে লোৱা পিষ্টল ক’ৰ পৰা আহিছে, কেনেকৈ পালে, এই সকলো বিচাৰি উলিওৱা হ’ব। ৰাতিৰ পেট্ৰ’লিং বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দি তেওঁ ১১২ নম্বৰটোত ইমাৰজেঞ্চী কিবা ঘটনা হ’লে ভুক্তভোগীক সহায় বিচাৰিবলৈ আহ্বান জনায়।