অসম আৰক্ষীয়ে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত আটক কৰা সোণাৰীৰ সূৰয গগৈ আৰক্ষীৰ গুলীত আহত হৈ পৰৱৰ্তী সময়ত মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল। ৪ মাৰ্চত আৰক্ষীয়ে সূৰযক লগত লৈ অভিযানলৈ যোৱাৰ সময়তে আৰক্ষীৰ অস্ত্ৰকাঢ়ি পলাবলৈ চেষ্টা কৰা অৱস্থাত আৰক্ষীৰ গুলীত গুৰুতৰ ভাৱে আহত হৈছিল সূৰয গগৈ। সুদীৰ্ঘ ১ টা মাহ ধৰি জীৱন-মৃত্যুৰে যুঁজি যুঁজি অৱশেষত ৫ এপ্ৰিলত মৃত্যুক সাৱটি লৈছিল সূৰযে। সূৰযক আৰক্ষীয়ে আটক কৰাৰ পিছতে বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাইও সূৰযৰ আলফাৰ লগত কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰিছিল।
সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ ভ্ৰমণ কৰাৰ সময়ছোৱাত পুৱাই জিলাৰ আৱৰ্ত ভৱনত তেওঁক সাক্ষাত কৰে মৃত সূৰয গগৈৰ পত্নী গায়ত্ৰী চোৰাধৰা গগৈয়ে। কোলাত তিনিমহীয়া সন্তান গাৰ্গিক লৈ মুখ্যমন্ত্ৰীক সাক্ষাত কৰা সূৰয গগৈৰ পত্নীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ৫ লাখ টকাৰ চেক।
কিন্তু মুখ্যমন্ত্ৰীৰ এই কাৰ্যই এতিয়া বহু প্ৰশ্নৰ উদয় কৰিছে। সূৰয গগৈক আৰক্ষীয়ে ভুলবশতঃ আটক কৰিছিল নেকি? সূৰয গগৈক গুলীওৱাৰ ঘটনা ভুৱা আছিল নেকি? যদি সেইবোৰ ভুৱা আছিল তেনে সেই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া, জোৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ল নে বা হ’বনে?