‘ক’ভিডৰ সময়ত PPE kit শব্দটো কোনোৱে বুজা নাছিল। ৩৫ খন ফাৰ্মক PPE kit যোগানৰ বাবে মনোনীত কৰা হৈছিল। ৯ খন ফাৰ্মক হেণ্ড চেনিটাইজাৰৰ দায়িত্ব দিয়া হৈছিল। ভুৱা বাতৰি প্ৰচাৰ কৰিছে Warএ নামৰ পৰ্টেলে। মুখ্যমন্ত্ৰী পৰিয়ালৰ ফালৰ পৰা ক’ভিডৰ সমগ্রী যোগান ধৰা নাই। মুখ্যমন্ত্ৰী পৰিয়ালে একটাও লোৱা নাই PPE kit ৰ নামত।’- আজি এক সংবাদমেলত PPE kit বিতৰ্কৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
মন্ত্ৰী হাজৰিকাই লগতে কয় যে, ”ধুনুকা নামৰ ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰ কাম পাইছিল। PPE kit আনিছিল, কিন্তু লোৱা হোৱা নাই ৫০ হাজাৰ PPE kit। ব্যৱহাৰ নকৰাৰ কথা তেতিয়াই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
ইফালে কাৰ্বি আংলং নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পীয়ুষ হাজৰিকাই কয় যে, ‘কাৰ্বি আংলং নিৰ্বাচনত আমি ২৬ টাতে জিকিম। প্ৰতিখন সভাত ১০০ৰ পৰা ১৫০ কংগ্ৰেছী মানুহ যোগদান কৰিছে। কংগ্ৰেছৰ অৱস্থা অতি বেয়া। কংগ্ৰেছত ৭ টা বিসম্বাদী গোট আছে। ভূপেন বৰাই বিজেপিৰ কথা চিন্তা কৰিব নালাগে।’