ৰাজস্থানৰ উদয়পুৰৰ এজন দৰ্জিক দিনদুপৰতে হত্যা কৰা ঘটনাই এতিয়া কঁপাইছে দেশ। বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবেই দুজনকৈ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে দিনৰ পোহৰতে দৰ্জিজনক হত্যা কৰি সেই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰা ঘটনাই সমগ্ৰ ৰাজস্থানতে ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছে। সাম্প্ৰদায়িক সংঘাতৰ আশংকাত সমগ্ৰ ৰাজ্যখনতে সপ্তাহৰ বাবে জাৰি কৰা হৈছে ১৪৪ ধাৰা।
তদুপৰি ৰাজস্থানৰ পৰিস্থিতি চম্ভালিবলৈ ৰাজ্য চৰকাৰে বন্ধ কৰিছে ইণ্টাৰনেট সেৱা। ইয়াৰ লগতে উদয়পুৰৰ সাতখন আৰক্ষী থানা অঞ্চলতো কাৰফিউ জাৰি কৰা হৈছে। ইতিমধ্য়ে হত্যাৰ বলি হোৱা মৃত যুৱকজনক কানহাইয়া লাল তেলী বুলি চিনাক্ত কৰা হৈছে। কানহাইয়া লালে চহৰখনৰ ধনমাণ্ডি অঞ্চলত এখন টেইলাৰিং দোকান চলাইছিল।
উল্লেখ্য যে, কানহাইয়া লালে বিজেপি নেতা নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰিছিল। ইয়াৰ বাবেই কানহাইয়াক হত্যা কৰাৰ পূৰ্বে একাংশই মৃত্যুৰ ভাবুকিও প্ৰদান কৰিছিল। আনহাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে, দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ মুখ্যমন্ত্ৰীয়ে একে সময়তে ৰাজ্যবাসীক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনাইছে।
उदयपुर में युवक की हत्या के दोनों आरोपियों को राजसमंद से गिरफ्तार किया गया है। इस केस में अनुसंधान केस ऑफिसर स्कीम के तहत किया जाएगा एवं त्वरित अनुसंधान सुनिश्चित कर अपराधियों को न्यायालय कड़ी से कड़ी सजा दिलवाई जाएगी। मैं पुन: सभी से शान्ति बनाए रखने की अपील करता हूं।
— Ashok Gehlot (@ashokgehlot51) June 28, 2022
উক্ত ঘটনাৰ পিছতে বিজেপি, কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলৰ নেতাই অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি ভিন্নজনে টুইটাৰত মন্তব্য কৰিছে।
उदयपुर में हुई जघन्य हत्या से मैं बेहद स्तब्ध हूं।
धर्म के नाम पर बर्बरता बर्दाश्त नहीं की जा सकती। इस हैवानियत से आतंक फैलाने वालों को तुरंत सख़्त सज़ा मिले।
हम सभी को साथ मिलकर नफ़रत को हराना है। मेरी सभी से अपील है, कृपया शांति और भाईचारा बनाए रखें।
— Rahul Gandhi (@RahulGandhi) June 28, 2022
উল্লেখ্য যে, বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপুৰ শৰ্মাই ইছলাম ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবেই দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে। তাৰ মাজতে সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশ জোকাৰি গৈছে।