বাইহাটা চাৰিআলি আৰক্ষীয়ে কৰৰা গাঁৱৰ পৰা ড্ৰাগছসহ আটক কৰে এহাল দম্পতীক। আটক কৰা দুই পতি-পত্নী ক্ৰমে মুজাফৰ আহমেদ ওৰফে মান্তি আৰু ৰীমা বেগম ওৰফে মাইনাক দেওবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়। বাইহাটা চাৰিআলি আৰক্ষীয়ে আজি দুয়োজনক ৰঙিয়া আদালতত উপস্থিত কৰোৱাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে বিয়লি থানাখনৰ অন্তৰ্গত কৰৰা গাঁৱৰ মুজাফৰ আহমেদৰ ঘৰৰ পৰা কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নিচাযুক্ত কফ চিৰাপৰ বটল জব্দ কৰে। ফলত অসম আৰক্ষী বিভাগত কৰ্মৰত মুজাফৰ আহমেদ ওৰফে মান্তি আৰু পত্নী ৰীমা বেগম ওৰফে মাইনাক কৰৰাৰ নিজ বাসগৃহৰ পৰা আটক কৰে।