কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক চমন জাৰি পঞ্জাৱৰ এখন আদালতৰ। খাৰ্গেৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে ‘বজৰং দল হিন্দ’ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে। শেহতীয়াকৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত মালিকাৰ্জুন খাৰ্গে কৰা এক মন্তব্যৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰে ভৰদ্বাজে। অভিযোগ অনুসৰি খাৰ্গে বজৰং দলত নিষিদ্ধ ইছলামিক সংগঠন পপুলাৰ ফন্ট অফ ইণ্ডিয়াৰ লগত তুলনা কৰিছিল।
আবেদনকাৰীয়ে জনোৱা অনুসৰি কংগ্ৰেছে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক “চিমি আৰু আল-কায়েদাৰ দৰে দেশ বিৰোধী সংগঠন”ৰ সৈতে তুলনা কৰিছিল। যাৰ বাবে ১০ জুলাইত আদালতত হাজিৰ হ’বলৈ খাৰ্গেক নিৰ্দেশ প্ৰদান কৰে।