মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা অভিযোগত সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেমৰ নিৰ্দেশ দিছে আদালতে। যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ৬ গৰাকী মহিলা খেলুৱৈয়ে গোচৰ ৰুজু কৰিছিল।
শুকুৰবাৰে উক্ত গোচৰৰ শুনানিত ৫ টা গোচৰৰ প্ৰমাণ আছে বুলি জনাই দিল্লীৰ ৰাউচ এভিনিউ আদালতে। আনহাতে আদালতৰ ৰায়ৰ পাছতে অভিযোগকাৰী খেলুৱৈ সাক্ষী মালিকে কয় যে,”এয়া আমাৰ জয়, আশা কৰো দোষীয়ে শাস্তি পাব।”