মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে মাজে সময়ে অভিযান চলাই থাকিলেও অসমৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজেৰে এতিয়াও প্ৰায় নিয়মীয়াভাবে বাংলাদেশলৈ সৰবৰাহ হৈ আছে গৰু। আনকি গৰু সৰবৰাহকাৰীৰ এতিয়া নতুন ঠিকনা হৈছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পলাশবাৰী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তবৰ্তী অঞ্চল সমূহ। সেই অঞ্চলৰ মাটাইখাৰ, ৰংচাই, বাখালাপাৰা, পাটগাঁও, জিমিৰগাঁও, উমচুৰ আদিৰ বিভিন্ন পথৰে দিনে নিশাই অহৰহভাবে নম্বৰ প্লেটযুক্ত আৰু নাম্বাৰপ্লেটবিহীন ডি আই বা পিক আপভানৰ দৰে চাৰিচকীয়া লঘু বাহনত দৈনিক চোৰাংকৈ মেঘালয়লৈ গৰু সৰবৰাহ হৈ আছে। এই কাৰ্যত গো – সৰবৰাহকাৰী সকলক ধনৰ বিনিময়ত সহযোগিতা আগবঢ়াই আহিছে সেই অঞ্চলৰ বিভিন্ন নেতা তথা কৰ্মকর্তাই। প্ৰাপ্ত খবৰ মতে অঞ্চলটোৰ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাথাৰখামাৰ দিশে দৈনিক প্রায়ে গৰু সৰবৰাহ কৰা প্রত্যক্ষ কৰি আহিছে অঞ্চলটোৰ বহুলোকে।
জানিব পৰা মতে পলাশবাৰী থানাৰ অন্তর্গত কিন্তু আৰক্ষীৰ পহৰা ব্যৱস্থা নথকা পশ্চিম গুৱাহাটীৰ মাটাইখাৰ, ৰংচাই, পাটগাঁও, বাখলাপাৰা ,জিমিৰগাঁও , উমচুৰ আদি সীমান্তবর্তী অঞ্চলৰ বাট পথ সমূহ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত দলংসহ উন্নয়ন সাধন হোৱাত এতিয়া গো মাফিয়া সকলে সেই পথ ব্যবহাৰ কৰি মেঘালয়ৰ ৰিভয় জিলাৰ একাংশ দুর্নীতিগ্ৰস্ত আৰক্ষীৰ সহযোগত ৰাণীগুদাম – মাইৰাং পথৰে সৰুপাহাম, জিৰাং , পাথাৰখামা হৈ বাংলাদেশলৈ কৌশলেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে। গো মাফিয়া চক্ৰটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰা গৰু সমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী নগৰবেৰা, কালাতলীৰ উপৰিও বৰপেটা জিলাৰ বহৰি আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰে। তাৰ পাছত চেগ বুজি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিজয়নগৰৰ মাজেৰে মুছলিম সৰপাৰা, ৰঙামাটি, বাকাৰাপাৰা, পাৰাকুছি, বৰবাকাৰা, লোহাৰঘাট হৈ গাড়ীৰলিকলৈ আহে গৰুভৰ্ত্তি বাহনসমূহ তাৰ পৰা মাটাইখাৰ, পাটগাঁও, ৰংচাই, বাখলাপাৰা, জিমিৰগাঁও, উমচুৰ হৈ ভাগে ভাগে সেই গৰু সৰবৰাহকাৰী টাটা ডি আই বা বলেৰো পিকআপ ভান সমূহ, মেঘালয়ৰ ৰিভয় জিলাৰ ৰাণীগুদাম – মাইৰাং পথৰে সৰুপাহাম, জিৰাং, পাথাৰখামাত প্ৰৱেশ কৰে। তাত নিৰ্দিষ্ট স্থানত গৰুসমূহ নমাই দি বাহন সমূহ পুনৰ উভতি আহে।
প্ৰাপ্ত অভিযোগ মতে বাহনৰে গৰুবোৰ আনি বৰদুৱাৰ বাগানৰ ওচৰৰ নতুন চিমিনাবস্তিৰ এঘৰত এদিন বা দুদিন ৰাখি থোৱা হয় । ইফালে মেঘালয়লৈ গৰু সৰবৰাহ হৈ থকাৰ দৰে গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ বিষয়টোত কামৰূপ জিলাৰ ছয়গাঁও আৰু পলাশবাৰী থানাৰ লগতে বিজয়নগৰ আৰক্ষী চকীয়ে দেখুওৱা ৰহস্যজনক ভূমিকাই ৰাইজৰ মাজতো সন্দেহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত এই পর্যন্ত আৰক্ষীৰ কোনো পহৰা ব্যৱস্থা নাই। যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মধ্যবর্তী আৰু সকলো ফালৰ পৰা যোগাযোগৰ সুচল স্থান হিচাপে পৰিচিত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা মাটিফুটা সত্ৰৰ সমীপত আৰক্ষী চকী বা পহৰা চকী স্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।