জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল চিৰিৰ পৰা পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অট্টালিকাৰ চিৰিৰ পৰা নামি অহাৰ সময়ত ঘটা দুৰ্ঘটনাত তেওঁ মূৰ আৰু কঁকালত আঘাত পাইছে। উল্লেখযোগ্য যে, জুবিন নৌটিয়াল শেহতীয়া সময়ত ‘তু ছামনে আয়ে’, ‘মানিকে’, আৰু ‘বনা শাৰবী’ৰ দৰে জনপ্ৰিয় গীতৰ বাবে লাইমলাইটত আছে।
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়ালৰ লগত সংঘটিত হোৱা দুৰ্ঘটনাৰ খবৰৰ পিছত অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। জুবিন নৌটিয়ালৰ গীত অনুৰাগীৰ মাজত অতি জনপ্ৰিয়। তেওঁৰ কন্ঠই উদ্যোগটোত নিজৰ বিশেষ পৰিচয় প্ৰতিষ্ঠা কৰিছে। লুট গয়েৰ পৰা হামানৱা মেৰে, ৰাত লাম্বিয়ালৈকে জুবিনৰ বহু গীত যুৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়। শেহতীয়াকৈ তেওঁ অজয় দেৱগন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু নোৰা ফাতেহীৰ ওপৰত চিত্ৰিত হোৱা ভাইৰেল গীত ‘মণিকে মাগে হীথে’ও গাইছিল।