অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং থানাৰ অন্তৰ্গত ছিদেলৰ ওচৰৰ দুৰ্গম পাহাৰীয়া এলেকাৰ জিৰো পইণ্টত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ বৰপেটাৰ বগুৰীগুৰী গাঁৱৰ একেটা পৰিয়ালৰ দুই যুৱকসহ নিহত তিনিজনৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় এজন লোকৰ।
জানিব পৰা মতে, উক্ত অঞ্চলত এখন জেচিবি মেৰামতি কৰি চাৰিজনীয়া যুৱকৰ দলটো উভতি অহাৰ সময়তে শনিবাৰে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷ নম্বৰ প্লেটবিহীন মাৰুতি চুজুকি ব্ৰেণ্ডৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলতেই থিতাতে নিহত হয় নগাঁও জিলাৰ ৰহাৰ ভুলেন চন্দ্ৰ দাস আৰু গকুল দাসৰ।
বৰপেটা জিলাৰ বগুৰীগুৰী গাঁৱৰ বদিউদ জামালৰ দুই পুত্ৰ মোস্তাফিজুৰ ৰহমান আৰু মোজাম্মেল হক৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে বৰপেটা জিলাৰ কলগাছিয়াৰ আজিজপুৰৰ আ্বুল হামিদৰ পুত্ৰ শ্বাৰিফুল ইছলামৰ৷ দুৰ্গম এলেকা হোৱা বাবে যোৱা কালিহে অৰুণাচলৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷