ভাৰতীয় সেনাত স্থায়ী নিযুক্তি বন্ধ হোৱাৰ আশংকাত এতিয়া দেশৰ কেইবাটাও স্থানত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। ভাৰতীয় সেনাৰ স্থায়ী নিযুক্তি বন্ধ হোৱাৰ আশংকাত বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানাকে ধৰি বিভিন্ন স্থানত হাজাৰ হাজাৰ যুৱক ৰাজপথলৈ ওলাই অহাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেইবাটাও ৰে’লৱে ষ্টেচনত অগ্নিসংযোগ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে। এই আশংকাৰ মূল কাৰণ হ’ল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ নতুন আঁচনি ‘অগ্নিপথ’। এই অগ্নিপথেই এতিয়া জ্বলাইছে দেশ। এই আঁচনিৰ জৰিয়তে দেশৰ সেনাবাহিনীত ৪ বছৰৰ বাবে বিভিন্ন সুবিধা উপলব্ধ হোৱাকৈ যুৱক-যুৱতী অস্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল। ৪ বছৰৰ অন্তত অগ্নিপথৰ মাধ্যমেৰে সেনাত যোগদান কৰা সকলে সেনা বাহিনী এৰি আহিব লাগিব।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এই আঁচনিয়ে সেনা বাহিনীত স্থায়ী নিযুক্তিৰ পথ বন্ধ কৰিব বুলি ধাৰণ কৰা হৈছে। আনহাতে যোৱা ২ টা বছৰে সেনা বাহিনীৰ নতুনকৈ কোনো সেনা নিয়োগ কৰা হোৱা নাই। যাৰ বাবে সেনা বাহিনীত যোগদানৰ আশা পুহি ৰখা হাজাৰ হাজাৰ যুৱকৰ মনত ক্ষোভৰ সৃষ্টি হৈছে। কিয়নো ২ টাকৈ বছৰ নিয়োগ ৰেলী অনুষ্ঠিত নকৰাত তেওঁলোকৰ বয়স বৃদ্ধি পাইছে আৰু সেনা বাহিনীত ভৰ্তি হোৱাৰ সপোন আধৰুৱা হৈ পৰিছে। অগ্নিপথক লৈ দেশত সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পুনৰ এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই বিজ্ঞপ্তি অনুসৰি কোৱা হৈছে যে অগ্নিপথ আঁচনিৰ জৰিয়তে যিসকলক নিযুক্তি প্ৰদান কৰা হ’ব তেওঁলোকৰ বয়সৰ উচ্চতম সীমা ২ বছৰ বৃদ্ধি কৰা হৈছে।
পূৰ্বে অগ্নিপথ আঁচনিত বয়সৰ নূন্যতম সীমা ১৭.৫ বছৰ আৰু উচ্চতম সীমা ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ধাৰাবাহিক প্ৰতিবাদৰ মাজতে বয়সৰ উচ্চতম সীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। য়োৱা ২ টা বছৰত সেনা বাহিনীত কোনো নিযুক্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্যে যে অগ্নিপথ আঁচনি ঘোষণাৰ লগে লগে দেশৰ উত্তৰ প্ৰদেশ, হাৰিয়ানা , পঞ্জাব , হিমাচল প্ৰদেশ, উত্তৰাখণ্ড , ঝাৰখণ্ড আৰু দিল্লীকে ধৰি ১০ খন ৰাজ্যত প্ৰতিবাদ হৈছে।