অভিনেত্ৰী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে বৃহত্ সকাহ । জুহি চাওলাৰ বিৰুদ্ধে উত্থাপিত ৫জি গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে অভিনেত্ৰীগৰাকীৰ সপক্ষত ৰায় প্ৰদান কৰিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে জুহিৰ ওপৰত আৰোপ কৰা ২০ লাখ টকাৰ জৰিমনা ৯০ শতাংশ হ্ৰাস কৰা বুলি জানিবলৈ পোৱা গৈছে। এতিয়া জুহিয়ে জৰিমনা হিচাপে ২ লাখ টকাহে পৰিশোধ কৰিব লাগিব।
আনহাতে, উচ্চ ন্যায়ালয়ৰ ৫-জি ৱায়াৰলেচ নেটৱৰ্ক স্থাপনৰ বাবে লিখিতভাৱে দাখিল কৰা গোচৰটো খাৰিজ কৰাৰ সময়ত একক ন্যায়াধীশে কৰা পৰ্যৱেক্ষণবোৰো নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, জুহি চাউলাই ৫-জি নেটৱৰ্কৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰি কৈছিল যে, ই মানুহৰ লগতে জীৱ-জন্তু আৰু পক্ষীকুলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে গোচৰটো খাৰিজ কৰি কয় যে, অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰচাৰৰ বাবেহে গোচৰটো ৰুজু কৰা যেন লাগিছে। সেয়েহে, আদালতে ন্যায়ালয়ৰ সময় অবাবতে খৰচ কৰাৰ অভিযোগ তুলি জুহিৰ ওপৰত ২০ লাখ টকাৰ জৰিমনাও আৰোপ কৰে।’
পৰৱৰ্তী সময়ত বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠত উপনীত হয় আৰু তেওঁলোকে জুহিৰ ওপৰত আৰোপ কৰা জৰিমনা ২০ লাখৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা চৰ্ত স্বীকাৰ কৰি ল’ব লাগিব বুলি কয়। আদালতে সদৰী কৰে যে, ‘জৰিমনা হ্ৰাস কৰিব পাৰি কিন্তু ইয়াৰ বাবে জুহিয়ে কিছু কাম কৰিব লাগিব। যিহেতু তেওঁ এজন চেলিব্ৰিটী গতিকে তেওঁ এতিয়া কিছুমান সামাজিক কাম কৰিব লাগিব। আদালতৰ শুনানিৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে।