আজি পুৱাৰ ভাগত চিৰাঙৰ বাসুগাঁও চহৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। চহৰৰ মুখ্যপথৰ ঘন বসতি এলেকাৰ ব্যবসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত গৌতম সাহাৰ গেলামাল দোকান আৰু আছাৰুদ্দিন শ্বেখৰ লেপ তুলিৰ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে বাকি কেইবাখনো ব্যবসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহ আংশিক ভাবে ক্ষতিগ্রস্থ হয়।
অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী অহাৰ আগতেই স্থানীয় লোক সকলৰ তৎপৰতাত জুই কিছু নিয়ন্ত্ৰণ ৰখাত এলেকাটোৰ বৃহৎ অংশ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে তাৰ পিছত অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোক আহি জুই নিৰ্ব্বাপন কৰে। উল্লেখ্য় যে বাসুগাঁও চহৰত অগ্নিনিৰ্ব্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে কাজলগাঁৱৰ পৰা এক ঘন্টা পিছত অগ্নিনিৰ্ব্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপিত কৰে। বৈদ্যুতিক চৰ্টচাৰ্কিটৰ পৰাই আজিৰ এই অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছে বুলি স্থানীয় লোকে সন্দেহ কৰিছে। আজিৰ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি জুইত জাহ যায়।