মৃত্যুদণ্ড কোনে দিয়ে? আদালতে? ন্যায়াধীশে? পৰেশ বৰুৱাৰ আদালতৰ সংবিধান পৃথক, ন্যায়াধীশ পৃথক, একপক্ষীয় বাচ-বিচাৰ কৰিয়েই পৰেশ বৰুৱাই মৃত্যুদণ্ড বিহে আৰু গৰ্বেৰে সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।
উল্লেখ্য যে, স্বাধীন অসমৰ অলীক স্বপ্নৰে অসম আৰু অসমীয়াক দশক দশক ধৰি এক দূদুল্যমান পৰিস্থিতিত ৰখা পৰেশ বৰুৱাই শনিবাৰে দুজনকৈ অসমীয়া ল’ৰাক হত্যা কৰে। চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক শনিবাৰে মৃত্যদণ্ডৰে দণ্ডিত কৰিছিল। এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃত্তি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ’ বাৰ্তাও ৰাজহুৱা কৰিছিল। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ভাৰতৰ সংবিধান নমনা, অসমীয়াৰ তেজেৰেই হাত ৰাঙলী কৰি অহা, পৰ ৰাষ্ট্ৰৰ অনুগ্ৰহত আশ্ৰয় লৈ থকা ৭০ বছৰীয়া মানুহজনে অসমক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে বিশ্বত মূৰ দাঙি থাকিব পৰাকৈ অৰ্থনৈতিকভাৱে শক্তিশালী বা আত্মনিৰ্ভৰশীল কৰিব পৰা কোনোধৰণৰ কাৰ্য কৰা অসমৰ ৰাইজে আজিকোপতি দেখা নাই।
সময় সলনি হৈছে, চৰকাৰী বঞ্চনাৰ পৰা অসম এতিয়া বহু পৰিমানে মুক্ত। অতীতৰ অসম আৰু এতিয়াৰ অসমৰ মাজত বহু পৰিৱৰ্তন আহিল। অসমীয়া যুৱক-যুৱতী এতিয়া উগ্ৰপন্থাৰে অসম সলনি কৰাৰ পৰিৱৰ্তে কৰ্ম আৰু শিক্ষাৰে অসম তথা অসমীয়াক উন্নতিৰ পথলৈ নিয়াত বিশ্বাসী।
ধেমাজিৰ কণমানিহঁতক হত্যা কৰাৰ কলংকিত অধ্যায় অসমীয়া ৰাইজে নাপাহৰে, সেইদৰে ধনজিৎ, সঞ্জীৱৰ হত্যাৰ বাবেও পৰেশ বৰুৱাই সদায়ে জবাবদিহি হৈ থাকিব। এক্সিকিউশ্যন হৈ গ’ল। সেইবোৰ অতীত হ’ল। সময় সলনি হ’ল। কিন্তু স্বাধীন অসমৰ স্বপ্ন লৈ এতিয়াও অসমীয়া ডেকাক আলফাই হত্যা কৰিয়েই গৈছে।
আন আন ৰাজ্যৰ লগতে অসমৰো বহু নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনেও এতিয়া দেশ তথা ৰাজ্যৰ উত্তৰণত হাত উজান দিয়াৰ লগতে তেওঁলোকৰ নিজৰ মানুহবোৰৰ জীৱনবোৰলৈ পৰিৱৰ্তন অনাৰ কামত নিমজ্জিত হৈছে। সফলো হৈছে। কিন্তু আলফাই কি কৰিছে? আলফাৰ উদ্দেশ্য, অভিযান একেই আছে। কেৱল তেজৰ সৈতে খেলিছে, অসমীয়াৰ আৱেগৰ সৈতে খেলিছে।
আলফা যেন এতিয়া গৰ্বিত মৃত্যুদণ্ডেৰে! নিজৰ মানুহৰ তেজেৰে ফাকু খেলি গৰ্বিত।।