ধেমাজি আদালতৰ দ্বাৰা বিচাৰধীন হৈ থকা ভাৰতীয় দণ্ডবিধি ৪৪৮(এ) /৪৯৪ ধাৰাৰ পি. আৰ ৫০০১/২০২২ নম্বৰ গোচৰৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কৌপাতনি গাঁৱৰ হৰেণ শইকীয়া নামৰ আচামীজনক স্বাস্থ্যজনিত কাৰণত ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসাধীন অৱস্থাতে বুধবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল আচামীজনে। অৱশেষত গোগামুখ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে গোগামুখৰ কৌপাতনিলৈ গৈ থকা অৱস্থাতেই পুনৰ আচামীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ইতিমধ্যে আদালতে পলাতক আচামী হিচাপে ঘোষণা কৰা এই আচামীজনক আজি দুদিনমানৰ আগতে গ্ৰেপ্তাৰ কৰিছিল৷