ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ সু-খবৰ। আজি ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠদান। অলপতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBSSৰ পাঠ্যক্ৰম শুভাৰম্ভ কৰিছিল।
এই চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমটো বেটচত ১০০ গৰাকী শিক্ষাৰ্থী আছে। উল্লেখ্য যে যোৱা ১৪ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰ্ছুৱেলী এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিছিল। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত MBSSৰ পাঠদান মুকলি হোৱাৰ লগে লগে অসমত MBSS পাঠ্যক্ৰম উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে।