বিতৰ্কই লগ নেৰা অসম আৰক্ষীৰ বাবেই ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াই আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি আভিযোগ উত্থাপিত হৈছে। ডিব্ৰুগড় আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় আৰক্ষীক প্ৰশ্ন কৰাৰ লগতে ৰাজহুৱাকৈয়ে ককৰ্থনা কৰিলে। এই ঘটনাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে ডিব্ৰুগড় আৰক্ষীৰ লগতে অসম আৰক্ষী। লজ্জা নিবাৰণ কৰিবলৈ যেন অসম আৰক্ষীয়ে এতিয়া বিচাৰি পাইছে উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰ্হি। সোমবাৰে পুৱাই ডিব্ৰুগড় আৰক্ষীয়ে লাহোৱালৰ ঘোঁৰামৰাত আৰক্ষীয়ে চলালে বুলড’জাৰ।
বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ বাবে জগৰীয়া বুলি অভিযোগৰ আঙুলি উঠা বৈদুল্লা খানৰ ঘৰত পুৱাই আৰক্ষীয়ে চলালে বুলড’জাৰ। বৈদুল্লাৰ ঘৰত উচ্ছেদ চলালে প্ৰশাসনে। উল্লেখ্যে যে অসমত অভিযুক্তৰ ঘৰত বুলড’জাৰ চলোৱা এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰা অভিযুক্তৰ ঘৰত আৰক্ষীয়ে চলাইছিল বুলড’জাৰ।
উল্লেখ্য যে বিনীত বাগৰীয়াই তেওঁক দীৰ্ঘদিনে শাৰীৰিক-মানসিক অত্যাচাৰ চলাই অহা বৈদুল্লা খান, চামচুল্লা খানৰ বিৰুদ্ধে আৰক্ষীক জনাই আহিছিল। তেওঁক ব্লেক মেইলিং কৰা বুলিও আৰক্ষীক অৱগত কৰিছিল। কিন্তু আৰক্ষীয়ে এই কথাক এৰাই চলাৰ লগতে বিনীত বাগাৰীয়াৰ কাষত থিয় নিদিয়াৰ বাবেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি ল’বলৈ বাধ্য হয়।
ইয়াৰ পিছতে সমগ্ৰ ডিব্ৰগড়ত এই ঘটনাৰে অভিযুক্তক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী তুলিছিল ডিব্ৰুগড়ৰ সচেতন ৰাইজে। আনহাতে মঙ্গলবাৰে পুৱাই আৰক্ষীয়ে বৈদুল্লা খানৰ বাসগৃহ উচ্ছেদ কৰাৰ কাৰণ হিচাপে জনাইছে যে এই বাসগৃহ অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল। এই বাসগৃহৰ পৰাই বহু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ।
উল্লেখ্য যে, ডিব্ৰুগড়ত বুলড’জাৰ চলোৱাৰ পিছতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কঠোৰ সকীয়নি প্ৰদান কৰিছে। তেওঁ আৰক্ষীক নগৰ-চহৰসমূহত বাহুবলী সংস্কৃতি বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে ডিব্ৰুগড় আৰক্ষীক জি পি সিঙৰ কঠোৰ নিৰ্দেশ- ৬০ দিনৰ ভিতৰত এই গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব লাগিব। ইয়াৰোপৰি দুই পলাতক অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো নিৰ্দেশ দিছে জি পি সিঙে।