দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰশা বৰা বৰদলৈক উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়। ইতিমধ্যে বৰশা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা লোৱা হৈছে।
সুৰাৰ বিপণীৰ নামত এজনক দাবী কৰিছিল ১ লাখ টকা। মৰিগাঁৱৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক গৰাকী। জাগীৰোডৰ চিন্ময় তামুলী নামৰ ব্যৱসায়ীজনৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত ধৰা পৰে বিষয়াগৰাকী।
চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক শ্ৰীমতী বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। pic.twitter.com/qxfl9N2Fjj
— GP Singh (@gpsinghips) July 29, 2022
উল্লেখ্য যে, চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাৰ যুঁজ অব্যাহত আছে আৰু কম সময়ৰ ভিতৰতে বহু কেইজন দুৰ্নীতি পৰায়ণ বিষয়াক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা লোৱা দেখা গৈছে।