• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাতিল হ’ব চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ভৰিব লাগিব অত্যাধিক জৰিমনা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
বাতিল হ’ব চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ভৰিব লাগিব অত্যাধিক জৰিমনা
Share on FacebookShare on Twitter

বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা পথ দুৰ্ঘটনা আৰু ইয়াৰে বহু চালক সুৰামত্ত হৈ বাহন চলোৱা ঘটনাক গুৰুত্বপূৰ্ণ সহকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগক যৌথভাবে কাম কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ৰাজপথত কোনো চালকে যাতে সুৰাপান কৰি উদন্ত আৰু অনিয়ন্ত্ৰিতভাবে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। ইফালে আগন্তক ইংৰাজী নৱবৰ্ষক আদাৰাৰ নামত কোনোৱে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে ৰাজ্যজুৰি বিশেষ অভিযান চলাবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে আৰক্ষীৰ লগতে পৰিবহণ বিভাগেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এতিয়া বনভোজৰ বতৰ, ৩১ ডিচেম্বৰ, নৱবৰ্ষ আদৰণি আৰু মাঘবিহুৰ অপাৰ আনন্দ উপভোগৰ সময়। সেয়ে বনভোজৰ লগতে পুৰণি বছৰক বিদায় আৰু নৱবৰ্ষ উদযাপনৰ নামত আনন্দত মতলীয়া হৈ কোনোৱে যাতে অত্যাধিক মদ্যপান কৰি তীব্ৰবেগত যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে তাৰবাবে সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক সকিয়াই দি কেতবোৰ জনসচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চলিত ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা বনভোজলৈ যোৱা বাহনৰ চালককে ধৰি আন বাহনৰ চালকে যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে তাৰ বাবে আৰক্ষী-পৰিবহণ বিভাগৰ ধাৰাবাহিক অভিযান চলি আছে।

সমান্তৰালভাৱে নৱবৰ্ষক আদৰাৰ নামত সুৰাপান কেন্দ্ৰীক পথ দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত আৰু এই দিশত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি চলোৱা হব বিশেষ অভিযান। গৌতম দাসে সদৰি কৰা অনুসৰি বনভোজৰ আনন্দৰ নামত অত্যাধিক মদ্যপান কৰি দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হ’লে বনভোজ দল, বাহনৰ চালক আৰু মালিক কাকো ৰেহাই দিয়া নহ’ব। চালকে অত্যাধিক মদ্যপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ পালেই ততালিকে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব, প্ৰয়োজনত বাহনৰ পঞ্জীয়নো বাতিল হ’ব। কিয়নো একাংশ বনভোজকাৰী দলৰ চালকে সুৰাপান কৰি বাহন সলাই দুৰ্ঘটনা সংঘটিত কৰা কেবাটাও ঘটনা সংঘটিত হৈছে। তেনেদৰে ইংৰাজী নৱবৰ্ষক আদৰাৰ নামতো একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে। এনে ঘটনা ৰোধ কৰিবলৈ সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা পহিলা জানুৱাৰীলৈ ৰাজপথত আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাবে আৰু সুকীয়াকৈ বিশেষ অভিযান চলাব। ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত এটা প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে চন্দ্ৰপুৰকে ধৰি কেতবোৰ বনভোজথলী পৰিদৰ্শন কৰি বাহন চালকে সুৰাপান কৰিছে নেকি তাক পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। তেনেদৰে পৰৱৰ্তী পৰ্যায়ত ভোগালী বিহুৰ সময়তো তেনে বিশেষ অভিযান চলিব বুলি পৰিবহণ বিভাগৰ সূত্ৰত প্ৰকাশ। ইফালে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে নিচাগ্ৰস্ত হৈ ৰাজপথত বাহন চলোৱা চালকক কোনো কাৰণতে ৰেহাই নিদিবলৈ আৰু দৰকাৰ হলে লকআপত ৰাখিবলৈ আৰক্ষী-পৰিবহণ বিভাগৰ অভিযানকাৰী দলক নিৰ্দেশনা দিছে।

Previous Post

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

Next Post

কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

কালমণি নৈত পুনৰ জাৱৰ - যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ৰাইজক মাধমাৰ! বৃদ্ধি পালে বিদ্যুৎ মাছুল

ৰাইজক মাধমাৰ! বৃদ্ধি পালে বিদ্যুৎ মাছুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8