গুৱাহাটী -লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ তহলদাৰী দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ। ১৫৬২৫ উজনীমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলখনৰ AC ডবাৰ এটা পৰিত্যক্ত বেগৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীৰ তহলদাৰী দলে জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷ ৫৭ টা চাবোনৰ বাকচত ৭৫৫ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ হয় আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৭৫ লাখ টকাৰ অধিক হ’ব বুলি জানিব দিয়ে ৰেলৱে সুৰক্ষা বাহিনীয়ে ৷ উক্ত ঘটনাৰ লগত জড়িত এজনকো এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৰেল আৰক্ষী৷
ভাৰতীয় ৰেলত ৭৫৫ গ্ৰামৰ বৃহৎ পৰিমানৰ ব্ৰাউন চূগাৰ উদ্ধাৰ কৰা ঘটনাই ড্ৰাগছ তথা নিষিদ্ধ সামগ্ৰী উদ্ধাৰৰ ঘটনাই ৰেল বিভাগ তথা ৰেল আৰক্ষীৰ শিথিলতাক উদঙাই দিছে ৷