তিনিচুকীয়াৰ কাকপথাৰ এলেকাৰ লাজুম গাঁৱত আজি ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত জিন্তু মৰাণ নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আহত হয়। আৰক্ষীয়ে চলোৱা এই অভিযানত আন তিনি জন সৰবৰাহকাৰী পলায়ন কৰা বুলি জানিবপৰা গৈছে।
অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য কেইবা লক্ষাধিক হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে। আৰক্ষীৰ গুলীচালনাত সোঁ ভৰিত গুলী লাগি আহত হোৱা জিন্তু মৰাণক প্ৰথমে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰি পিছলৈ উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিন্তু মৰাণৰ ঘৰ টঙনা থানা এলেকাৰ হাতীগড়ত বুলি জনা যায়।