লখিমপুৰ জিলাৰ বান্দৰদেৱাত শিশুৰ দ্বাৰা ড্রাগছ সৰবৰাহ কৰাৰ তথ্য আহি পৰিছে। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ চকূত ধূলি মাৰিবলৈ স্কুল ইউনিফৰ্ম পৰিহিত ছাত্ৰৰ সহায় লৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে অবৈধ ব্যৱসায় চলাই আছিল।
উল্লেখ্য যে, তৃতীয় শ্রেণীত অধ্যয়নৰত ৮ বছৰীয়া এটি শিশুৰ পৰা বান্দৰদেৱা-বিহপুৰীয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ড্রাগছ।
উক্ত ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ দুই সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। মহিলা দুগৰাকীৰ নাম ৰমা গাম আৰু মীনা বৰী বুলি জানিব পৰা গৈছে।
আনহাতে, জিতেন বিশ্বাস নামৰ এজনৰ ঘৰৰ পৰা জব্দ চীন, ম্যানমাৰৰ মুদ্রা। সৰবৰাহকাৰীৰ পৰা জব্দ ৫ গ্রাম ড্রাগছ।