মহানগৰীৰ ঘোঁৰামৰাত মঙলবাৰে আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ। মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠকৰ নেতৃত্বত অভিযান চলাই সুৰুজমূখী পথৰ হাউচ নম্বৰ ৩১(A) ৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। সৰবৰাহকাৰীকেইটা ক্ৰমে- মিলটন চক্ৰৱৰ্তী (শ্বিলং), দীপাংকৰ ৰয় (পথাৰকান্দী), অভি দাস। ঘোঁৰামৰাৰ সুৰুজমূখী পথৰ হাউচ নম্বৰ ৩১(A) ৰ বাথৰুমৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। সৰবৰাহকাৰী কেইটাৰ মিলটন চক্ৰৱৰ্তী নামৰ যুৱকজনক পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।