মহানগৰীত বিভিন্ন স্থানৰ পৰা প্ৰত্যেক দিনে জব্দ কৰা হৈছে ড্ৰাগছ। ভগদত্তপুৰৰ মহিলা ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত নিশা দক্ষিণগাঁওৰ ৰাজপথত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীকো। ধৃত দুই সৰবৰাহকাৰীৰ নাম ছফিক আলী আৰু জামাল আলীৰ ঘৰ গৰৈমাৰীত।
As01MC1903 নম্বৰৰ এল্টো বাহনেৰে লখৰা আৰু ফাঁচীবজাৰৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছ। আৰক্ষীয়ে দুই পেডলাৰৰ পৰা জব্দ কৰে ১২২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, নগদ ২৫০০০ টকা আৰু এল্ট’ বাহন। জব্দ কৰা ড্ৰাগছৰ মূল্য লক্ষাধিক হ’ব।