গুৱাহাটীৰ গীতানগৰত দুৰ্ঘটনাত পতিত মাৰিয়াছ পাব্লিক স্কুলৰ এখন বাছ। সুৰামত্ত অৱস্থাত বাছখনৰ চালকজন আছিল বাবেই দূৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি জানিব পৰা গৈছে। গীতামন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। বাছখনে প্ৰথমে খুন্দা মাৰে এখন IGNIS বাহনত, তাৰ পিছত খুন্দা মাৰে পথৰ দাঁতিত থকা এখন দোকানত।
সৌভাগ্য ক্ৰমে, ছাত্ৰ–ছাত্ৰীৰ লগতে কোনো লোক হতাহত হোৱা নাই। IGNIS বাহনখনত থকা আৰোহীজন আঘাতপ্ৰাপ্ত নহলেও কিন্তু দুৰ্ঘটনাতোত ক্ষতিগ্ৰস্ত হৈছে IGNIS বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 01 GC 4358 আৰু IGNIS বাহন খনৰ নম্বৰ AS 01 FB 6777। গীতানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰামত্ত অৱস্থাত থকা বাছখনৰ চালকক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন।