EDয়ে চীল কৰিলে দিল্লীত থকা নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয়। অবৈধ ধন লেনদেনৰ অভিযোগত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰুজু কৰা এক গোচৰৰ আধাৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো EDয়ে জেৰা কৰিছিল। কাৰ্যলয়টো চীল কৰাৰ পাছত তাত কোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। তদুপৰি মঙলবাৰে উক্ত কাৰ্যলয়টোৰ লগতে দেশৰ বিভিন্ন স্থানত থকা ১২ টা স্থানত EDয়ে অভিযান চলাইছিল।
উল্লেখ্য যে, নেশ্যনেল হেৰাল্ড কেলেংকাৰী গোচৰত ৰাহুল গান্ধীক ৫ টা দিনত ED য়ে ৫০ ঘন্টাতকৈ অধিক সময় জেৰা কৰাৰ বিপৰীতে ছোনিয়া গান্ধীক ১০ ঘন্টাৰো অধিক সময় জেৰা কৰিছিল।