অসম–অৰুণাচল সীমান্তৰ জোনাই লক্ষী নেপালী বস্তিত আজি পুৱা হাতীৰ দাঁতসহ দুজন অৰুণাচলৰ লোকক আটক কৰে জোনাই আৰক্ষীৰ অভিযানকাৰী দলে। আটকাধীন সৰবৰাহকাৰী দুজন অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ টাগে ৰিনা আৰু তালেন জুম বুলি জানিব পৰা গৈছে।
ভাৰত চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যু’ৰ, বন বিভাগ আৰু জোনাই আৰক্ষীৰ যৌথ অভিযানত দুজন চোৰাং চিকাৰীৰ সৈতে জব্দ হয় কেইবা লক্ষাধিক মূল্যৰ হাতী দাঁতৰ লগতে এখন চুইফ্ট ডিজায়াৰ, ৭টা হাতী দাঁত, এটা দুইনলীয়া বন্দুক, কাৰ্টিজ ৭টা আৰু তিনিটা ম’বাইল।
অসম–অৰুণাচল সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষী আৰু বন বিভাগৰ দলটোৱে। হাতী দাঁতৰ চোৰাং সৰবৰাহকাৰী দলত জোনাইৰ স্থানীয় ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জোনাই আৰক্ষীয়ে।