ৰাজ্যত পুনৰ এক এনকাউন্টাৰ ঘটনা সংঘটিত হৈছে। দৰং জিলাৰ ছিপাঝাৰত নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। ছিপাঝাৰৰ সানোৱাটাৰীত আৰক্ষীৰে সংঘৰ্ষত নিহত তাজিমুদ্দিন আহমেদ নামৰ এজন ডকাইত। গুৱাহাটীৰ পল্টন বজাৰত সংঘটিত ডকাইতি ঘটনাত জড়িত আছিল তাজিমুদ্দিন।
গুৱাহাটীত গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা লুকুৱাই থোৱা নগদ ধন দেখুওৱাবলৈ আৰক্ষীক লৈ আহিছিল সানোৱাৰে নিজা ঘৰলৈ। ঘৰত নগদ ৬০ হাজাৰ টকা উদ্ধাৰ হোৱাৰ পিছত সমীপৰে সানোৱাটাৰীৰ আন এটা অঞ্চলত লুকুৱাই ৰখা ধন দেখুওৱাবলৈ তাজিমুদ্দিনে লৈ গৈছিল আৰক্ষীক। তেতিয়াই লুকুৱাই ৰখা পিষ্টলেৰে আৰক্ষীক গুলীচালনা কৰে ডকাইটোৱে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচিলনা কৰাত নিহত হয় সাতাইশ বছৰীয়া তাজিমুদ্দিন আহমেদ নামৰ ডকাইতজন।