এটা সময়ত ডাঠ হাবি-জংঘলৰে ভৰপুৰ লাওখোৱা অভয়াৰণ্যখন বৰ্তমান লাওলোৱাত পৰিনত হৈছে ৷ ৮০ ৰ দশকত অভয়াৰণ্যখনত গড়কে ধৰি বিভিন্ন জীৱ জন্তুৱে ভৰি আছিল, কিন্ত বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ন বিষয়া-কৰ্মচাৰীৰ বাবে অভয়াৰণ্যখনত চোৰাং চিকাৰী, চোৰাং মাছমৰীয়া আৰু অবৈধ বেদখলীৰ লগত গোপন মিতিৰালিয়ে অভয়াৰণ্যখনে পূৰ্বৰ গৰিমা যেন হেৰুৱাই পেলাইছে ৷ অলপতে, বন বিভাগৰ এটা বৃহৎ দলে কেবাটাও হাতী লৈ অভয়াৰণ্যখনত চলাই উচ্ছেদ অভিযান।
উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ প্ৰায় দুশ বিঘা মাটি অবৈধ বাবে দখল কৰি আছিল বেদখলকাৰীয়ে। যাৰ বাবে লাওঁখোৱা অভয়াৰন্যত বন বিভাগৰ দলে ৰাতিপুৱাই চলালে উচ্ছেদ অভিযান। লাওখোৱা অভয়াৰণ্যৰ লালুং গাওঁ,পাম্প কালিয়াডিঙাত চলাই এই উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি অবৈধ বাবে মাটি বেদখল কৰি পাচলি খেতি কৰি আহিছিল বেদখল কাৰীয়ে।উল্লেখ্য যে ১৯৭২ চনৰ বন্যপ্ৰাণী আইনমতে অভয়াৰণ্যত মানুহ আৰু পোহনীয়া জীৱ-জন্তৰ প্ৰৱেশ কঠোৰভাবে নিষিদ্ধ কৰাৰ পিছতো কেনেকৈ অবৈধ বেদখলকাৰীৰ দপদপনি বাহিল সেয়া এতিয়া বিচাৰ্যৰ বিষয়।