অসমৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানত কৰ্মৰত ৭০ গৰাকী অধ্যাপক তথা অন্যান্য কৰ্মচাৰীয়ে ভুৱা PHD ডিগ্ৰী গ্ৰহণৰ তথ্যৰ দৰে ভয়ংকৰ খবৰ পোহৰলৈ অহাত, এই ভুৱা PHD ডিগ্ৰীধাৰী অধ্যাপকসকললৈ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে চমন জাৰি কৰিছে।
জানিব পৰা মতে মুঠ ৪২ খন মহাবিদ্যালয়ৰ অধ্যাপক, গ্ৰন্থাগাৰিকে গ্ৰহণ কৰিছে ভুৱা PHD। এই আটাইকেইখন মহাবিদ্যালয়ৰে ভুৱা ডিগ্ৰী গ্ৰহণকাৰী অধ্যাপক তথা গ্ৰন্থাগাৰিকক অহা ১৯ জুলাইত উচ্চ শিক্ষা সঞ্চালকালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। উচ্চ শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈ ভুৱা PHD ডিগ্ৰীধাৰি অধ্যাপক, গ্ৰন্থাগাৰিকে প্ৰদৰ্শন কৰিব লাগিব তেওঁলোকৰ বিভিন্ন নথি-পত্ৰসমূহ। PHDৰ ফলাফল, থেছিছ আদি জমা দিব লাগিব এইসকল অধ্যাপকে। যদি ভুৱা ডিগ্ৰী গ্ৰহণৰ তথ্য সত্য প্ৰমাণ হয় তেন্তে তেনে অধ্যাপকৰ বিৰুদ্ধে লোৱা হ’ব শাস্তিমূলক ব্যৱস্থা।
ভুৱা PHD গ্ৰহণৰ অধ্যাপকৰ তালিকাত আছে কৰিমগঞ্জৰ নিলাম বজাৰ কলেজৰ ২ অধ্যাপক, কামৰূপৰ এছ বি এম কলেজ, ছমৰীয়া কলেজৰ এগৰাকীকৈ শিক্ষক, নলবাৰী ছহিদ স্মৃতি কলেজ, বিলাসীপাৰা কলেজৰ শিক্ষক, মঙলদৈ কমাৰ্চ কলেজ, লখিমপুৰ লালুক কলেজ, ধেমাজি ছোৱালী কলেজ, চিমেন চাপৰি কলেজ, চিলাপথাৰ কলেজ, সোণাৰি কমাৰ্চ কলেজ, উত্তৰ বৰপেটা কলেজ, লিডু কলেজৰ অধ্যাপকো আছে এই তালিকাত।