মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসক ক্ৰমে-ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্রতিবেদন দাখিল কৰাৰ অভিযোগ তিনিওজন চিকিৎসকৰ বিৰুদ্ধে। দৰঙৰ ধূলাৰ আদিবাসী যুৱতী এগৰাকীৰ মৃত্যুক লৈ দিছিল ভুৱা প্রতিবেদন।
CIDৰ ২০/২০২২ৰ গোচৰত গ্রেপ্তাৰ তিনিওকে। গ্ৰেপ্তাৰৰ পাছতেই সোমবাৰে মঙলদৈৰ CJM আদালতত হাজিৰ কৰোৱা হয় ৩ চিকিৎসকক। CIDৰ অনুসন্ধানত ওলোৱা তথ্য অনুসৰি ফৰেনচিকৰ চিকিৎসকে কৰা নাছিল মৰণোত্তৰ পৰীক্ষা। মেডিচিন বিভাগৰ চিকিৎসকৰ চহী আছে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত।