হয়, আপুনি ঠিকেই শুনিছে এটি মিঠাইৰ বাবেই প্ৰাণ গ’ল এটি দেৱশিশুৰ।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গন্দিয়া জিলাত।
কান্দি থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে এটি ২০ মহীয়া কন্যাশিশুক।
কান্দি থকা শিশুটিক ওমলাবলৈ বুলি এটা মিঠাই কিনিবলৈ ৫ টকা বিচাৰিছিল পত্নীয়ে ।
সেই কথাতেই খঙত উত্ৰাৱল হৈ শিশুটিক হত্যা কৰিলে ঘাটক পিতৃয়ে ।
শিশুটিৰ মূৰত উপৰ্যুপৰি আঘাট কৰাৰ ফলত থিতাতে মৃত্যু হয় দুৰ্ভগীয়া কন্যাশিশুটি ।
২ ফেব্ৰুৱাৰীত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো ।
ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পিতৃক ।
শিশুটিৰ মাতৃৰ ভাষ্য অনুসৰি, “সন্ধ্যা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত বৈষ্ণৱীয়ে কান্দি আছিল ।
এটা খাজা কিনিবলৈ মই ৫ টকা বিচাৰোতে তেওঁ নাই বুলি কয় আৰু খঙতে শিশুটিক তুলি লৈ ঘৰৰ দুৱাৰত মূৰটো খুন্দিয়াই খুন্দিয়াই হত্যা কৰে । ”
আৰক্ষীৰ জিম্মাত হত্যাকাৰী পিতৃয়ে বৰ্ণনা কৰিছে হত্যাকাণ্ডৰ বিৱৰণ।