অৱশেষত আজি বৰ্ষাশ্ৰীৰ জামিন মঞ্জুj কৰিলে আদালতে। কবিতা লিখাৰ অপৰাধত কাৰাগাৰত দুমাহৰো অধিক সময় অতিবাহিত কৰা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে জামিন লাভ কৰিবলৈ সক্ষম হল। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰীৰ জামিন।
কাৰাগাৰৰ পৰাই পৰীক্ষা দি থকা বৰ্ষাশ্ৰীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বা)ক লৈ ফেচবুকত কবিতাৰ পংক্তি লিখাৰ অপৰাধত উৰিয়ামঘাট থানাত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত কাৰাগাৰৰ পৰাই তেওঁক বি এছ চি চেকেণ্ড চেমিষ্টাৰৰ পীৰক্ষা দিবলৈ অনুমতি প্ৰদান কৰিছিল আদালতে।
উল্লেখ্য যে, বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত তেওঁলোকৰ কন্যাই কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰে বুলি বিশেষ শাখাৰ আৰক্ষীক লিখিত প্ৰতিশ্ৰুতি দিছে। য’ত তেওঁলোকে, বৰ্ষাশ্ৰীয়ে আগতেও কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ হিংসাত্মক কাৰ্য সমৰ্থন কৰা নাছিল আৰু ভৱিষ্যতেও তেনে সংগঠনত যোগদান নকৰে বুলি লিখি দিয়ে।