মন্ত্ৰী বিমল বৰাৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই ভুৱা WhatsApp নম্বৰেৰে বিভিন্নজনলৈ মেছেজ দুষ্টচক্ৰৰ। WhatsAppৰ ডিপিতো লগাইছিল মন্ত্ৰীগৰাকীৰ ফটো। এই সন্দৰ্ভত দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছে মন্ত্ৰীগৰাকীয়ে।
৭৭৮০৯১৫০৮৬ নম্বৰটো ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল উক্ত চক্ৰটোৱে। ফোন কৰিবলৈ মানা কৰি কেৱল মেছেজত কথা পাতিব কোৱা হৈছিল। অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে। ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলিও অভিযোগ উঠিছে।