মহানগৰীৰ গাড়ীগাওঁ ভখুন্দাৰ আমৰতলত ৰবিবাৰে নিশা প্ৰায় এক বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে অঞ্চলটোত থকা কল্পজিত দাস আৰু তপন দাস নামৰ ব্যক্তি দুজনৰ দোকান দুখনত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে কোনো দুৰ্বৃত্তই দোকান দুখনত অগ্নি সংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিগত ১৯ মাৰ্চতো একেটা অঞ্চলৰে একেখিনি স্থানত থকা বলেন্দ্ৰ বল্লভ শৰ্মা নামৰ ব্যক্তিজনৰ দোকান এখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল যদিও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাছিল।
ৰবিবাৰে নিশা পাণ্ডু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। ইপিনে গাড়ীগাওঁ উদয় সমূহীয়া কেন্দ্ৰ আৰু গাড়ীগাওঁ নৱজ্যোতি ক্লাৱে সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত কৰাৰ লগতে গাড়ীগাওঁ অঞ্চলত আৰক্ষীৰ স্থায়ী পহৰাৰ ব্যৱস্থা কৰিবলৈ আজি জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।