দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা। দুলীয়াজানৰ নাওশলীয়াস্থিত জুটুলীবাৰী বৰহোলা গাঁৱত থকা বিধায়কগৰাকীৰ বাসগৃহৰ পাকঘৰ আৰু শোৱনি কোঠাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত মূল্যবান সা-সামগ্ৰী জাহ যায়।
ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।