মধ্য প্ৰদেশৰ এখন চিকিৎসালয়ত হোৱা অগ্নিকাণ্ডত ইতিমধ্যে ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জবলপুৰ নগৰৰ দমোহনাকা নামৰ ঠাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত এই অগ্নিকাণ্ড সংঘটিত হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে হস্পাতালখনৰ ভিতৰভাগত আৱদ্ধ হৈ থকা আন লোক সকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। জানিব পৰা মতে ৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও আন ৩ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। ১০ খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবৰ বাবে কেইবাঘন্টা ধৰি চেষ্টা কৰিব লগা হয়।