নগাঁও আৰক্ষীয়ে মঙ্গলবাৰে গোপন সূত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ পশ্চিম কাৱৈমাৰীৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পশ্চিম কাৱৈমাৰীত অভিযান চলাই হেৰোইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হল জাহাঙ্গীৰ আলম (১৬) আৰু জেহিৰুল ইছলাম (১৯)। আৰক্ষীয়ে দুইজনৰ হাতৰ পৰা ১৭ টা হেৰোইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ যে এই দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ এক ৰমৰমীয়া ব্যবসায় চলাই আহিছিল।
আনহাতে, হয়বৰগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ মোল্লাপট্টিত অভিযান চলাই চুৰি কাৰ্যৰ লগত জৰিত তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইজন হল হাইদৰ ৰহমান (১৯) , বিকু কুমাৰ (২১) আৰু মজিবুৰ ৰহমান (২৩)। ইয়াৰে হাইদৰৰ ঘৰ মোল্লাপট্টিত, বিকু কুমাৰৰ ঘৰ বিহাৰৰ কুসুম বাংগৰিত আৰু মজিবুৰৰ ঘৰ জুৰীয়াত। আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা এটা চুৰি পানী উঠোৱা মটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পাঁচজনকে আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰে।