বন বিভাগৰ বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ে শেহতীয়াকৈ মহানগৰীত শিল, বালি, মাটিকে ধৰি অবৈধ ভাৱে যাতে বনজ সম্পদ সৰবৰাহ হব নোৱাৰে তাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী কুমাৰ শইকীয়াই গুৱাহাটীকে ধৰি সংমণ্ডলৰ অধীনৰ প্ৰতিজন আঞ্চলিক বন বিষয়াক নিজ নিজ অঞ্চলত বন ধ্বংসকাৰীৰ লগতে অবৈধ বনজ সম্পদ সৰবৰাহত চকু ৰাখিবলৈ নিৰ্দেশ দিছে।
আনহাতে ডি এফ অ আৰু গুৱাহাটীৰ আঞ্চলিক বন বিষয়াৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত চলোৱা অভিযানত অলপতে মাজনিশা চন্দ্ৰপুৰৰ পৰা গুৱাহাটীলৈ অবৈধ ভাৱে ব্ৰহ্মপুত্ৰৰ মাটি সৰবৰাহ কৰা অৱস্থাত নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা তহলদাৰী বনকর্মীৰ দলে এ এছ ২৫ চি চি ৭৭৮০ নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ মতে খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত মাজনিশা প্ৰায় ডেৰ মান বজাত বনকর্মীৰ দলটোৱে ডাম্পাৰখন জব্দ কৰে। সম্প্ৰতি খণ্ড বন বিষয়াৰ কাৰ্যালয়ে এই সন্দৰ্ভত এটা বিভাগীয় গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।