ঐতিহাসিক চানডুবি বিলৰ পিতনিত বনজুই। বিলখনৰ দক্ষিণ প্ৰান্তৰ কঠালগুৰী আৰু টকৌবাৰী নামৰ গাঁও দুখনৰ কাষত থকা কেইবাটাও পিতনিত দপদপাই বনজুই জ্বলি আছে। উল্লেখ্য যে, যোৱা ২৩ মাৰ্চত কেইবাটাও পিতনি জুইয়ে ছাৰখাৰ কৰাৰ লগতে বৰ্তমানলৈকে কেইবাটাও পিতনিত জুই জ্বলিয়েই আছে।
সাধাৰণতে ফাগুন, চ’ত মাহত বনাঞ্চল সমূহত জুই জ্বলে। ইতিমধ্যে চানডুবিৰ কাষৰীয়া মায়ং পাহাৰ, পাচঁৰাণী পাহাৰ, ছাগলছাৰী পাহাৰত বনজুই আৰম্ভ হৈছে। এই বনজুই নিৰৱচ্ছিন্নভাৱে কেইবাদিনো জ্বলি থাকিব। পাহাৰ–পৰ্বতৰ বনজুই এক পৰম্পৰাগত নিয়মৰ দৰেই চলি আহিছে। যদিও, বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান ঐতিহাসিক চানডুবি বিলৰ এই পিতনি সমূহত জুই জ্বলিলে ই জৈৱ–বৈচিত্ৰ্যৰ প্ৰতিয়েই ভাবুকিস্বৰূপ। এই জুইৰ ফলত পিতনি সমূহত বাসকৰা বহু দূষ্প্ৰাপ্য জীৱ–জন্তুৰ নিশ্চিতভাৱে মৃত্যু ঘটিব।
জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণৰ বাবে বিল–জলাশয়ৰ সংৰক্ষণৰ দাবীত পৃথিৱীজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে বিল–জলাশয়ৰ পিতনিত জুই জ্বলিলে ই আমাৰ পক্ষেই ক্ষতিকাৰক। চানডুবিৰ পিতনিত কেনেকৈ জুই জ্বলিল আৰু এই জুই বনৰ পৰা বিয়পিল নে মানুহে সংযোগ কৰিছে সেই সন্দৰ্ভত পশ্চিম কামৰূপ বন সংমণ্ডল তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি স্থানীয় ৰাইজে দাবী জনাইছে।