• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 30, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰাক লৈ শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অসম নৱনিৰ্মাণ সেনা নামৰ এক সংগঠনে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাত ২০১৯ চনৰ নৱেম্বৰ মাহত জিলাখনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিগত শতিকাৰ নব্বৈ দশকত হোৱা অনিয়ম সন্দৰ্ভত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ১৩৬৯নং এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল৷

আৰক্ষীয়ে নৱনিৰ্মাণ সেনাৰ অভিযোগৰ ভিত্তিত বাবুল হুছেইন নামৰ এজন শিক্ষকক সোধা-পোছাৰ বাবে আটক কৰি নিযুক্তি সন্দৰ্ভত বহু বিস্ফোৰক তথ্য লাভ কৰিছিল৷ আৰক্ষীয়ে আটক কৰা বাবুল হুছেইন নামৰ ব্যক্তিগৰাকীয়ে ২৫ জানুৱাৰী, ১৯৯৬ চনত শিৱসাগৰ জিলাত সহকাৰী শিক্ষকৰূপে নিযুক্তি লাভ কৰিছিল৷ কিন্তু আচৰ্যজনক ভাৱে নিযুক্তিৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ ২৪ দিন৷ চৰকাৰী চাকৰি পোৱাৰ নূন্য়তম বয়স নোহোৱা সত্ত্বেও বাবুলে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰাক লৈ আৰু উক্ত নিযুক্তি পত্ৰত শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ স্বাক্ষৰ থকাক লৈ যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আনোৱাৰ হুছেইনৰ লগতে বাবুল হুছেইনক আটক কৰে৷
জয়সাগৰ আৰক্ষী থানাত প্ৰাথমিক তদন্ত সম্পন্ন কৰাৰ পাছত আনোৱাৰ হুছেইন আৰু বাবুল হুছেইনক শিৱসাগৰ আৰক্ষীয়ে আজি পুৱা পুনৰ জেৰাৰ বাবে শিৱসাগৰ সদৰ থানালৈ লৈ যায়৷ আনহাতে, এই ঘটনাৰ পাছতে আনোৱাৰ হুছেইনৰ লগতে তেওঁৰ পত্নী চিলভিয়া বেগমে নব্বৈৰ দশকত সংঘটিত নিয়োগ কেলেংকাৰিক লৈ কেতবোৰ বিস্ফোৰক তথ্য সদৰী কৰিছে৷

তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰ ৰাজনৈতিক হেঁচাত বিভিন্ন নিযুক্তিসমূহ দিবলৈ বাধ্য হোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে আৰক্ষীৰ জালত পৰা প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনে৷ কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, প্ৰয়াত দেৱানন্দ কোঁৱৰ, হিৰণ্য কোঁৱৰ, শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ প্ৰয়াত ৰোহিতেশ্বৰ শইকীয়া, অগপ নেতা তথা বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আদিকে ধৰি বহু ৰাজনৈতিক নেতা-পালিনেতাৰ নাম হুছেইন দম্পতীয়ে এই কেলেংকাৰিত সাঙোৰ খাই থকা বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷
আজি আৰক্ষী থানাত প্ৰাক্তন শিক্ষা বিষয়াগৰাকীয়ে বিভিন্ন ৰাজনৈতিক নেতাই পৰামৰ্শ কমিটীৰ দ্বাৰা প্ৰেৰণ কৰা তালিকা অনুসৰি নিযুক্তি প্ৰদান কৰা বুলি দাবী কৰে৷ তেওঁ কয় যে নিযুক্তিৰ আগত প্ৰাৰ্থীৰ সকলো নথি-পত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰিহে নিযুক্তি পত্ৰত চহী কৰা হৈছিল৷ কিন্তু বাবুল হুছেইনৰ ক্ষেত্ৰত নিযুক্তি দিয়াৰ সময়ত প্ৰদান কৰা প্ৰমাণপত্ৰ শুদ্ধ আছিল বুলি তেওঁ সদৰী কৰাৰ লগতে এইদৰে নথি কাৰ্যালয়ৰ কোনো কৰ্মচাৰীয়ে জালিয়াতি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ জালত পৰা শিক্ষা বিষয়াগৰাকীয়ে৷

আনহাতে, তেওঁৰ পত্নী চিলভিয়া বেগমে নব্বৈ দশকৰ সেইসময়ত ওপৰত উল্লিখিত ৰাজনৈতিক নেতাসকলে তেওঁলোকে প্ৰেৰণ কৰা তালিকা অনুসৰি নিযুক্তি দিবলৈ হেঁচা প্ৰদান কৰাৰ কথা সদৰী কৰে তেওঁ৷ তেতিয়াৰ মন্ত্ৰী-বিধায়কে প্ৰেৰণ কৰা এনে বহু তালিকা এতিয়াও মজুত থকা বুলিও দাবী কৰে মহিলাগৰাকীয়ে৷ যোৱানিশা আটক কৰা শিক্ষা বিষয়া আনোৱাৰ হুছেইন আৰু শিক্ষক বাবুল হুছেইনক আজি বিয়লি শিৱসাগৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০[বি]য৪২০য৪৬৫য৪৬৮ ধাৰাত গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক আদালতে লক্ষণীয়ভাৱে ৰেহাই দিয়া পৰিলক্ষিত হয়৷ মুখ্য অভিযুক্ত আনোৱাৰ হুছেইনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাবুল হুছেইনক জুভেনাইল ক’ৰ্টলৈ প্ৰেৰণ কৰে৷ ইফালে আনোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ লগে লগে শিৱসাগৰৰ একাংশ শিক্ষক আৰু কৰ্মচাৰীৰ লগতে ৰাজনৈতিক নেতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

বাবুল হুছেইনৰ গ্ৰেপ্তাৰৰ লগে লগে চাকৰিৰ নূ্যনতম বয়স নোহোৱাকৈ চৰকাৰী চাকৰি গ্ৰহণ কৰা বহুকেইজন শিক্ষক গ্ৰেপ্তাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে৷ যাৰ বাবে এতিয়া এনে শিক্ষকসকলে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আদালতৰ জামিন ল’বলৈ তৎপৰ হৈ পৰিছে৷ বিষয় সন্দৰ্ভত আজি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই তেওঁৰ নাম লোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নাম ল’লেই নহ’ব৷ সেই সময়ত চৰকাৰ কাৰ আছিল চাই লওক৷ আমাৰ অগপ দলৰ নিয়োগ ১৯৯৭-৯৮ চনত হৈছে৷ তাৰ আগৰ নিয়োগ কাৰ খবৰ লওক৷ যদি কোনোবাই অনিয়ম কৰি চাকৰি পাইছে তেন্তে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে বিধায়কগৰাকীয়ে৷ উল্লেখযোগ্য যে অভিযুক্ত আনোৱাৰ হুছেইন শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰূপে ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈকে নিয়োগ হৈ আছিল৷

Previous Post

তিনিখন বাহনে ৰাস্তাত আগুৰি সাত ৰাউণ্ড গুলী চলাইছিল পঞ্জাৱৰ তাৰকা গায়ক সিদ্ধু মুছৱালাক

Next Post

ছটা ধৰ্মৰ লোকলৈ সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ চৰকাৰৰ!

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
ছটা ধৰ্মৰ লোকলৈ সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ চৰকাৰৰ!

ছটা ধৰ্মৰ লোকলৈ সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ চৰকাৰৰ!

পাৰিমেচে অনুৰাগীৰ সপোন দিঠকত পৰিণত কৰে। সঁচাকৈ!

পাৰিমেচে অনুৰাগীৰ সপোন দিঠকত পৰিণত কৰে। সঁচাকৈ!

নীলা চাহ খাওক! ১০০ % সু-স্বাস্থ্য অতুত থাকিব

নীলা চাহ খাওক! ১০০ % সু-স্বাস্থ্য অতুত থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8