নকল সোণ, নকল টকাৰ ব্যৱসায়ৰে জড়িত এগৰাকী মহিলাকে ধৰি তিনিজন যুৱকৰ এটা দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাওঁ আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজনীয়া দলটোত আছে চাদিকুল ইছলাম, মফিকুল ইছলাম, আইজুল ৰহমান আৰু ৰীমা বৈশ্য। তেঁওলোকৰ আটাইৰে ঘৰ লক্ষীমপুৰত৷
নগাঁও সদৰ থানাৰ পৰিদৰ্শক মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিদিষ্ট তথ্যৰ ভিত্তিত গুৱাহাটী ভেটাপাৰাত অভিযান চলাইছিল ৷ হাতীগাঁও আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত আৰক্ষীয়ে এটা ভাড়া ঘৰত আশ্ৰয় গ্ৰহণ কৰি থকা এই প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ নিশা চলোৱা এই অভিযানৰ সময়ত ২০ লাখ টকাৰ নকল পাঁচশ টকীয়া এটা কাৰ্টুন, এটা নকল টকা বনোৱা মেচিন, নকল সোণ, এটা প্ৰিন্টাৰকে ধৰি বহুটো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
দুদিন পূৰ্বে নগাঁৱৰ কাতিমাৰীৰ পৰা আৰক্ষীয়ে মাটিত পুতি থোৱা ১৮ টুকুৰা নকল সোণ উদ্ধাৰ কৰাৰ লগতে লক্ষীমপুৰৰ ৱাহেদ আলি নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ ৱাহেদে আন চাৰি সহযোগী গুৱাহাটী ভেটাপাৰাত থকা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়াৰ পিছতে মঙ্গলবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই দলটোক গ্ৰেপ্তাৰ কৰে ৷